Psalms 75

প্ৰধান বাদ্যকৰৰ প্রতি: অলতচেৎ সুৰত গাব লগীয়া। আচফৰ ৰচিত গীত, সঙ্গীত।

1হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম;
আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা;
লোকসকলে তোমাৰ আছৰিত কাৰ্য্যবোৰ বৰ্ণনা কৰি আছে।
2যেতিয়া নিৰুপিত সময় উপস্থিত হব ;
তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
3যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভযাতুৰ আৰু দুর্বল;
তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা]

4মই অহঙ্কাৰীসকলক কলোঁ, “তোমালোকে অহঙ্কাৰৰে কাৰ্য্য নকৰিবা;”

দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা;
দুষ্টসকল জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহওক।
5তোমালোক জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহবা;
তোমালোকে গর্বকৰি কথা নকবা।”
6কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয়লাভ নহয়।

7কিন্তু ঈশ্বৰ ন্যায় বিচাৰক;

কোনোক তললৈ নমায়, কোনোক উপৰলৈ তোলে।
8কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে;
আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে;
পৃথিৱীৰ আটাই দুষ্টলোকসকলক অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।

9কিন্তু মই হলে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম;

মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতিগান কৰিম।
তেওঁ ক’লে,“মই দুষ্টলোকসকলৰ আটাই শিং কাটি পেলাম;
কিন্তু ধাৰ্ম্মিক লোকসকলৰ শিং উচ্চ কৰিম।”
10

Copyright information for AsmULB